thoughts

Life is not a definitions…its a creation, what u create ur day month and year of ur life for good or bad…and otherwise it’s also about the God’s creation!!! That’s belongs to own choice..don’t react bcz it’s our fault not God…so don’t blame others and God. …

thoughts

ভাৱনা( thought)….

       সকলোৱে কয় শিশুৰ দেহত হেনো ভগৱান থাকে ,কিন্তু যেতিয়া ভ্ৰুণ হত্যা কৰা হয় তেতিয়া সেই ভগৱান কত লুকাই থাকে আৰু যেতিয়া চাৰি বা পাঁচ বছৰীয়া শিশু এটাক শাৰীৰিক নিৰ্যাতন চলাই মাৰি পেলোৱা হয় তেতিয়া ভগৱান কত থাকে ।। মানুহে নিজে যি কৰ্ম কৰে তাৰে শাস্তি ভোগ কৰে ভগৱানে একো শাস্তি নিদিয়ে। নিজ কৰ্ম ফলতে পাপ আৰু পুণ্য দুয়োটাই থাকে।।
            প্ৰত্যেকৰে জীৱনত একোখন এনেকুৱা পৃষ্ঠা থাকে , যিখনৰ সন্মুখ টো বগা কিন্তু পিছৰ খন কলা নহয় যদিও বহুতো নজনা নুশুনা লিখনিৰ ভৰি পৰা। যত আছে এনে বহুতো কাহিনী যাৰ তুলনা হয়তো সকলোৱে বেলেগ বেলেগ হয়।
            জীৱনত এনে বহুতো সময় আহে যেতিয়া মানুহে কৰিব লগীয়া বহুতো থাকিও ভিন্ন কাৰণত সেইবোৰ কৰিব নোৱাৰে, আৰু এনে বহুতো সময়ত হয় যে একো কাৰণ নাথাকিলেও মানুহে কেতিযাবা সেইবোৰ কাম কৰিব নোৱাৰে যিবোৰ তেওঁ বিচাৰে।
           নিজকে যাক জমকিয়া কৰি সজাই বহুতেই ৰাখে কিন্তু সেইবোৰৰ বেছিভাগেই কলা ৰঙৰ মহত্ব মগনিয়া জনত কৈও বেছিকৈ বুজে।
             সময় সেইজনৰ হাতত একেবাৰেই নাথাকে যিজনে সময়ৰ মূল্য বুজি নাপায়, সময় শেইজনৰ হাতত তিল মনো নাথাকে যিজনে সময়ক হাঁহি মাৰি উৰুৱায়।
             নিজে বেয়া বুলি নিজৰ আপোন খিনিক বেয়া কোৱা জনক একো নকৈ  মনে মনে থকাটো বেয়াক যিদৰে আশ্ৰয় দিয়া হয়, ঠিক তেনেদৰে  নিজৰ ভালপোৱা মানু্হ বোৰক তেওঁলোকে কৰা ভুল টো দেখুৱাই দিয়া টো তেওঁৰ প্ৰতি থকা ভালপোৱা ক অসন্মান কৰা নকয়।
              আজিলে কবিতা লিখা মানু্হ জন কাইলে ৰাজনীতিত সফল ব্যক্তি হব পাৰে কিন্তু তেওঁৰ ব্যক্তিত্ব ত যে কবিতাৰ কোনো ছন্দো নাই তাৰ প্ৰমাণ কোনেও দাঙি ধৰিব নোৱাৰে।
              পলাই যোৱা বোৰ সদায় পলাতক এ হয় আৰু পিছত কোৱা বোৰ ভয়াতুৰ আৰু ঠগবাজে হয়, মুখা পিন্ধা বোৰ বুজিবলৈ টান সেইবাবেই সৰল বোৰক বুজিলেও যে তেওঁলোকে পায় বিশ্বাসঘাটকতা ৰ নাম ।।।
           

thoughts

Suspense of words….

আৰ্হি আঁকি থোৱা
প্ৰত্যেক টো কোঠালী
বৰষুণে বুৰাই পেলাইছে,
জোনাক বিচাৰি ফুৰিছে
অহোৰঃ….
আমনি কৰিছে ;
বিশাল চোতাল সদৃশ আকাশ খনে
কচুপাত খিলাও ডুব গৈছে
এটোপাল পানীৰে বৈ যোৱা নলাত,
মথাউৰি চিগো চিগো
তথাপিও নাই যে
কোনো ভোগা সাঁকো ।।।
Drawing the design
Every single room
The rain is making me feel bad,
Looking for the moonlight
Ohh…
It’s disturbing;
In the sky like a huge courtyard
The toy is also drowned in the turtle
In a drain flowing with a drop of water,
Still not there
No one has to suffer…

thought

সত্যৰ জপনা খুলি …..

কবলে আৰু ৰবলে
একোৱেই নাই ….
হেৰুৱাই যোৱা পথিকৰ দৰে
আছে মাথোন….
কেইটামান উশাহৰ টোপোলা
যত থমকি ৰৈছে
কিছুমান আবেগিক সপোনৰ
উখোৰা মোখোৰা
ভাল বেয়াৰ চিত্ৰ কল্পনা ।